ঘগ্ৰাপাৰ ভাগ: খাতিকুছিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে "সেৱা পষেক" সেৱামূলক কাৰ্যসূচী ৰূপায়ণ
আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জন্মদিন উপলক্ষে "সেৱা পষেক" সেৱামূলক কাৰ্যসূচীৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টি ঘগ্ৰাপাৰ মণ্ডল সমিতিৰ সভাপতি মনোজ ডেকাৰ উদ্যোগত খাতিকুছি সাগাৰকুছি দুৰ্গা মন্দিৰ প্ৰাংগনত " স্বচ্ছতা অভিযান " কাৰ্যসূচী ৰূপায়ন কৰা হয়।উক্ত কাৰ্য্যসূচীত ঘগ্রাপাৰ মণ্ডল বিজেপিৰ উপ সভাপতি শ্যামন্ত শৰ্মা, সাধাৰণ সম্পাদক হৰেশ্বৰ দাস, পশ্চিম বনভাগ জিলা পৰিষদৰ সদস্য হিতেশ ব্ৰহ্মকে ধৰি বিভিন্ন স্তৰৰ কাৰ্য্যকৰ্তাসকল উপস্থিত থাকে