বিশ্বনাথ: জপৌ বাৰিত পুখুৰীত পৰি আঢ়ৈ বছৰীয়া শিশুৰ মৃত্যু, শিশুৰ মৃতদেহ উদ্ধাৰ বিশ্বনাথ আৰক্ষীৰ
বিশ্বকৰ্মা পুজাৰ দিনাই বিশ্বনাথত অঘটন। ঘৰত খেলি থকা সময়তে পুখুৰীত পৰি আঢ়ৈ বছৰীয়া শিশুৰ মৃত্যু। মৃত্যু হোৱা শিশুটো হৈছে বিশ্বনাথৰ জপৌবাৰীৰ নবিন নিৰলাৰ পুত্ৰ মিৰ্নাছ নিৰলা। বায়েকৰ লগতে ঘৰৰ চোতালতে খেলি আছিল মীৰ্নাছ নিৰলা। দুই মিনিটমান সময় বায়েকে আন কামত ব্যস্ত হৈ পৰাৰ লগে লগে চোতালৰ পৰাই নিৰুদ্দেশ হয় দেৱ শিশুটি। পৰিয়ালৰ লোক ঘৰত উপস্হিত হৈ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে অভিযান চলাই ঘৰৰ চৌহদৰ ভিতৰতে থকা পুখুৰীৰ পৰা উদ্ধাৰ কৰে দেৱ শিশুটিৰ মৃতদেহ।