সোণাৰি: চৰাইদেউ জিলাৰ সদৰ আৰক্ষী ওচৰত আত্মসমৰ্পণ দুই দুধৰ্ষ আলফা কেডাৰৰ, দুজনৰ ঘৰ তিনিচুকীয়া জিলাত বুলি জানিবলৈ দিছে আৰক্ষীয়ে
চৰাইদেউত আত্মসমৰ্পণ দুই দুধৰ্ষ আলফা কেডাৰৰ। চৰাইদেউ জিলা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ দুই আলফা কেডাৰৰ। তিনিচুকীয়াৰ পানীতোলাৰ সুভান্ত দুৱৰা ওৰফে চিন্ময় অসম আৰু শদিয়াৰ দন্দেশ্বৰ বুঢ়াগোহাঁই ওৰফে অনুপম অসমৰ আত্মসমৰ্পণ।আলফা স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণৰ ধাৰা অব্যাহত।পুনৰ আলফা স্বাধীনৰ দুই কেডাৰৰ আত্মসমৰ্পণ।অনুপম অসম আৰু চিন্ময় অসম নামৰ দুই কেডাৰে প্ৰথমে আত্মসমৰ্পণ কৰে নাগালেণ্ড আৰক্ষীৰ ওচৰত। উল্লেখ্য যে, চিন্ময় অসমৰ ঘৰ পানীতোলা আৰু অনুপম অসমৰ ঘৰ শদিয়াত।