বিশ্বনাথ: বিহালীত এটা পথে জলা কলা খোৱাইছে সহস্ৰাধিক ৰাইজক, বিপদ সংঙ্কুল পথেৰে যাত্ৰা-ছাত্ৰ ছাত্ৰী বৃদ্ধাৰ #jansamasya
বিহালী সমষ্টিৰ অন্তৰ্গত কাছমাৰীৰ এটা পথ বিগত ২০ বছৰে ধৰি আঁচনিৰ পিছত আঁচনি ৰূপায়ন কৰাৰ পিছতো ৰাস্তাতো হৈ নোঠিল। তদুপৰি এখন সৰু দৰং একাধিক বাৰ ৰাজনৈতিক প্ৰতিনিধিয়ে পৰিদৰ্শন কৰি প্ৰতিশ্ৰুতিৰ পিছত প্ৰতিশ্ৰুতি দিলে কিন্তু ৰাস্তা আৰু দলং আজিও হৈ নোঠিল ।বিহালী উন্নয়ন খণ্ডৰ অন্তৰ্গত নিজ বিহালী গাওঁ পঞ্চায়তৰ কাছমাৰী গাঁৱত ২০২৪-২৫ বৰ্ষৰ MGNREGA ৰ আঁচনি ৰূপায়ন কৰি পথ নিৰ্মাণ কৰিছিল।