কোকৰাঝাৰ ভাগ: শৰাইবিল পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গুৰুফেলাত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত মুখ্যমন্ত্ৰী হীমন্ত বিশ্ব শৰ্মা
সোমবাৰে দিনৰ ১ বজাত বিটিচিৰ ৫ নং শৰাইবিল পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গুৰুফেলাত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৫নং শৰাইবিল পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী গোঁসাই বসুমতাৰী হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীৱে ৰাইজৰ প্ৰতি কেইবাটাও প্ৰতিশ্ৰুতি আগবঢ়ায়। তেওঁ সভাত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ৫নং শৰাইবিল পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী গোঁসাই বসুমতাৰী জিকি যোৱাৰ পিছত তেওঁক বিটিচিৰ ইএম দিয়া হ'ব।