গোলাঘাট: শাৰদীয় দুৰ্গাপূজাৰ মহানৱমী পূজা যথাবিহিত কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে গোলাঘাট নগৰৰ টোকানী চাৰ্কোল পূজা মণ্ডপত
সমগ্ৰ ৰাজ্যৰ লগতে আজি শাৰদীয় দুৰ্গাপূজাৰ মহা নৱমী পূজা যথাবিহিত কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে গোলাঘাট নগৰৰ টোকানী চাৰ্কোল পূজা মণ্ডপত। এই দৃশ্য বুধবাৰৰ নিশা ১০ বজাৰ। মণ্ডপ স্থলীত লোকে লোকাৰণ্য হৈ পৰিছে। মহিষমৰ্দিনীৰ বন্দনাৰে মুখৰিত হৈছে মণ্ডপৰ চৌপাশ । অবশ্যে পূৰ্বৰ দৰে নাই কোনো সাংস্কৃতিক অনুষ্ঠান। হাৰ্থথ্ৰৱ জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পিছত বিষণ্ণ মনেৰে আধ্যাত্মিকতা অক্ষুণ্ণ ৰাখি এইবাৰ দুৰ্গাপূজা অনুষ্ঠিত কৰিছে নগৰখনৰ উল্লেখনীয় টোকানী চাৰ্কোল দুৰ্গা পূজা সমিতিয়ে।