ধুবুৰী ভাগ: চহৰত বিলাসীপাৰা ভৈৰবগঞ্জ কালী মন্দিৰ প্ৰাংগণত খোৱাপানী যোগান আঁচনিৰ শুভাৰম্ভ
বিলাসীপাৰা পৌৰসভাৰ ভৈৰবগঞ্জ কালী মন্দিৰ প্ৰাংগণত খোৱাপানী যোগান আঁচনি আৰু শিঙিমাৰী শিৱ মন্দিৰ প্ৰাংগণত অসম দৰ্শন আঁচনিৰ অধীনত ভোগ ঘৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। দুয়োটা কামৰ আধাৰশিলাৰ শুভাৰম্ভ কৰে বিলাসীপাৰা সমষ্টিৰ প্ৰাঃ বিধায়ক অশোক কুমাৰ সিঙীয়ে ৷ এই উক্ত কাৰ্য্যসূচীত বিলাসীপাৰা পৌৰসভা পৌৰপতিকে ধৰি বিষয়ববীয়া সকল উপস্থিত থাকে ৷