নাজিৰা: পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ভাঙি পেলোৱা পানী যোগান আঁচনিৰ পাইপৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মিছাজানত সকিয়নি আছুৰ
মিছাজানত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ভাঙি পেলোৱা পানী যোগান আঁচনিৰ পাইপৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মিছাজানত বুধবাৰে সকিয়নি প্ৰদান কৰিলে নামতি আঞ্চলিক ছাত্ৰ সন্থাই,অন্যথা প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ।মে মাহৰ পৰা বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে মিছাজান পানী যোগান আঁচনিৰ অন্তৰ্ভুক্ত প্ৰায় ৩৫০ টাকৈ পৰিয়াল।ঐতিহাসিক খৰিকটিয়া আলি পথৰ বহলিকৰণৰ কাম চলাই থকা ঠিকাদাৰী প্ৰতিষ্ঠানে পথৰ কাষেৰে পাৰ হৈ যোৱা পাইপ সমুহ ভাঙি পেলোৱাৰ ফলত বন্ধ হৈ আছে পানী যোগান।