পলাশবাৰী: মাতৃভূমিত মৰমৰ শিল্পী জুবিন গাৰ্গ, বৰঝাৰ বিমানবন্দৰৰ পৰা পুষ্পসজ্জিত বাহনেৰে লৈ যোৱা হৈছে জুবিনৰ নশ্বৰ দেহ
মাতৃভূমিত উপস্থিত মৰমৰ শিল্পী জুবিন গাৰ্গ। দেওবাৰে বৰঝাৰ বিমানবন্দৰৰ পৰা পুষ্পসজ্জিত বাহনেৰে লৈ যোৱা হৈছে জুবিনৰ নশ্বৰ দেহ। কাহিলীপাৰাৰ বাসগৃহলৈ ৰাওনা জুবিনক কঢ়িয়াই নিয়া বাহন। অসংখ্য অনুৰাগীৰ মাজেৰে ৰাওনা জুবিন। আৰক্ষী বেষ্টনীৰ মাজেৰে জুবিনৰ বাহন আগবাঢ়িছে। পথৰ কাষে কাষে ৰৈ আছে হাজাৰ হাজাৰ অনুৰাগী।