ডিফু: ডিফুত কাৰ্বি কুৰুচাৰ চিংৰুম আমেইৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ মঙলবাৰে বিয়লি তিনিমান বজাত সফল সামৰণি
দিনজোৰা কাৰ্যসূচীৰে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত হোৱা কাৰ্বি কুৰুচাৰ চিংৰুম আমেইৰ সপ্তম সংখ্যক প্ৰতিষ্ঠা দিৱসটি বিয়লি প্ৰায় ৩ মান বজাত সফল সামৰণি পৰে ৷ কাৰ্বি কুৰুচাৰ অৰ্থাৰ পুৰুহিত সকলৰ বিভিন্ন অভাৱ-অভিযোগ কুৰুচাৰ সকলৰ উন্নয়নৰ বাবে লগতে কাৰ্বি পৰাম্পৰাগত পূজা সমূহৰ ওপৰতো আলোচনা কৰা হয় ৷ সভাত কাকৰ ইএম মধুৰাম লেকথেকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷