সোণাৰি: চৰাইদেউত অনুষ্ঠিত নাৰী শক্তি বন্দন যাত্ৰাত অংশগ্ৰহণ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
নাৰী শক্তি বন্দন যাত্ৰা কাৰ্যসূচীৰ অংশস্বৰূপে আজি চৰাইদেউ জিলা মহিলা মৰ্চাৰ উদ্যোগত অনুষ্ঠিত ২নং হাওঁফাওঁ গাঁৱৰ পৰা সাপেখাতী উন্নয়ন খণ্ডৰ তিনিআলিলৈ নাৰী শক্তি বন্দন যাত্ৰা অনুষ্ঠিত হয়। কাৰ্যসূচীত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰনীতা পাংগিং, প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ আৰু বিজেপি দলৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে।