গুৱাহাটী: বিহুৰ পূৰ্বে ফাচীবজাৰত পাৱাৰলুমৰ গামোচাৰ পয়োভৰ, দোকানে দোকানে অভিযান হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ
বৃহস্পতিবাৰে গুৱাহাটীৰ ফাচীবজাৰত পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে অভিযান চলালে অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগে। অসম চৰকাৰে পাৱাৰলুমৰ গামোচা বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছিল। কিন্তু একাংশ বনিয়াই চৰকাৰী নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি বিক্ৰী কৰি আছিল পাৱাৰলুমৰ গামোচা। এই অভিযোগৰ পাছতেই তৎপৰ হৈছে অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগ। ফাচীবজাৰ আৰক্ষীৰ দোকানে দোকানে অভিযান চলাই আছে বিভাগটোৱে।