সোণাৰি: জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ কামনা কৰি টিয়ক ৰজাবাৰীত মুছলমান সমাজে ৰাজহুৱাকৈ মহান আল্লাহৰ ওচৰত জনালে দোৱা প্ৰাৰ্থনা
জীবনৰ পুৰ্ণতা নৌপাওতেই এটি সপোন ভাগি গল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশেৰে টিয়ক ৰজাবাৰীৰ মুছলমান সমাজে আয়োজন কৰিলে ৰাজহুৱা দোৱা প্ৰাৰ্থনা।সকলো জাতি ধৰ্মৰ উৰ্ধৰ হাৰ্টথ্ৰৱ গৰাকীক জনালে সোণাৰি মুছলমান সমাজে গভীৰ শ্ৰদ্ধাঞ্জলি। তেখেতৰ আত্মাৰ শান্তি কামনাৰে মহান আল্লাহৰ ওচৰত মাঙ্গিলে দোৱা প্ৰাৰ্থনা। এই দোৱাত জুবিন গাৰ্গক পুনৰ এই পৃথিৱীত আবিৰ্ভাৱ হ'বলৈ সৃষ্টিকৰ্তাৰ ওচৰত জনালে দোৱা। কান্দি কান্দি হাত তুলি সকলোৱে দোৱাত কৰিলে অংশগ্ৰহণ। সকলো জাতি ধৰ্মৰ লোক এক