গুৱাহাটী: অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ GMCৰ পাৰিষদ হুকুম চান্দ আলী বক্সিৰ, গাড়ীগাঁওস্থিত বাসগৃহত সংবাদমেল পাৰিষদ জনৰ
অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ কৰিলে হুকুম চান্দ আলী বক্সিয়ে। পদত্যাগৰ পাছত সংবাদ মাধ্যমৰ আগত মুখ খুলিছে GMCৰ ১নং ৱাৰ্ডৰ পাৰিষদগৰাকীয়ে। দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰি কেইবাটাও অভিযোগ তুলিলে সদ্য পদত্যাগী নেতাজনে। দলটোৰ একমাত্ৰ ৰাইজৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধি হৈও দলৰ মজিয়াত উপেক্ষিত বুলি মন্তব্য প্ৰকাশ কৰে তেখেতে। ইফালে বৰ্তমান তেওঁ কোনো দলত যোগদান নকৰে যদিও মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন জনাব বুলি স্পষ্টকৈ মন্তব্য কৰে।