বহতি চৰত ভুমি কেন্দ্ৰিক সংঘাতত ভাতৃ আৰু ভতিজাৰ আক্ৰমণত প্ৰাণ গ'ল ভাতৃৰ। গোৱালপাৰা জিলাৰ পঞ্চৰত্ন নদী আৰক্ষী থানাৰ অন্তৰ্গত বহতিচৰত ভুমি কেন্দ্ৰিক সংঘাতকলৈ এজন লোকৰ মৃত্যু হয়।মৃত লোকজনৰ নাম মজিদ আলী। আৰক্ষী সূত্ৰে জানিব পৰা মতে এডোখৰ ভুমি লৈ মহৰ আলীয়ে তেওঁৰ পত্নী আৰু পুত্ৰ ওমৰ ফাৰুকক লগত লৈ সৰু ভাতৃ মজিদ আলীক আক্ৰমণ কৰি ডিঙি চেপী হত্যা কৰে। ইয়াকে কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।