গুৱাহাটী: গুৱাহাটী বিশ্ববিদ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন বিদগ্ধ পণ্ডিত ভৱপ্ৰসাদ চলিহাক, কিছুসময় পিছতে হ'ব শেষকৃত্য
গুৱাহাটী বিশ্ববিদ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিদগ্ধ পণ্ডিত তথা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ভৱপ্ৰসাদ চলিহাৰ নশ্বৰদেহ। শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে গুৱাহাটী বিশ্ববিদ্যালয় পৰিয়ালে। নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ব তেখেতৰ নশ্বৰদেহ। উল্লেখ্য, শংকৰী সাহিত্যৰ বিদগ্ধ পণ্ডিত হৈছে অধ্যাপক ভৱপ্ৰসাদ চলিহা। ২০২০ চনত অসম চৰকাৰৰ শংকৰদেৱ বঁটা প্ৰাপক চলিহা। ৪০খনৰো অধিক গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰিছে ভৱপ্ৰসাদ চলিহাই।