বালিজানা: বল্লা গাঁৱত পানীত পৰি মৃত্যু হোৱা তিনিগৰাকী কিশোৰীৰ চিকিৎসালয়ত গৈ খবৰ লয় বিধায়ক একে ৰছিদ আলমে
বল্লা গাওঁত পানীত পৰি মৃত্যু হোৱা তিনি গৰাকী কিশোৰীৰ চিকিৎসালয়ত গৈ খবৰ লয় বিধায়ক একে ৰছিদ আলমে। গোৱালপাৰা পূৱ সমষ্টিৰ অন্তৰ্গত ধাইগাওঁ গাওঁ পঞ্চায়তৰ বল্লা গাওঁত পানীত পৰি তিনি গৰাকী কিশোৰী ক্ৰমে সবিতা বেগম, চাৰ্জিনা বেগম আৰু আজমিনা বেগমৰ সলিল সমাধি ঘটাৰ খবৰ লাভ কৰি আজি গোৱালপাৰা চিভিল হস্পিটেলত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাত পৰিয়ালৰ সৈতে সহযোগ কৰে। লগতে শোক শন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।