সোণাৰি: সোণাৰীৰ টিঙ্গালীবাম চাহ বাগিচাত জগন্নাথ সমূহীয়া প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ অন্তৰ্গত টিঙ্গালীবাম চাহ বাগিচাত আজি সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অসম চৰকাৰৰ লোকনিৰ্মাণ (গৃহ) বিভাগৰ অধীনত এটি জগন্নাথ সমূহীয়া প্ৰেক্ষাগৃহ আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে ৷ এই উদ্দেশ্যে অনুষ্ঠিত সভাত বহুকেইগৰাকী গন্যমান্য ব্যক্তি, দলীয় বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷