সোণাৰি: সাপেখাতীত অসম চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় - ২ আবেদন প-পত্ৰ বিতৰণত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
সাপেখাতীৰ সাপেখাতী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সভাকক্ষত সোমবাৰে দুই বজাত অৰুণোদয় আঁচনিৰ সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। সভাত অতিৰিক্ত আয়ুক্ত নৱদ্বীপ চাংমাই, সাপেখাতী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বনজোৎস্না বৰগোহাঁই ,সহকাৰী অভিযন্তা ৰঞ্জন বৰপূজাৰী ,আহোম উন্নয়ন পৰিষদৰ সদস্য গিৰিণ গগৈ ,সাপেখাতী মণ্ডলৰ প্ৰাক্তন সভাপতি জয়ন্ত বৰুৱা, বৰহাট মণ্ডলৰ সভানেত্ৰী পূৰবী দুৱৰা গগৈ প্ৰমুখ্যে কেইবাজনো লোকে অংশগ্ৰহণ কৰে।