নগাঁও: কামপুৰ কঠীয়াতলী পথৰ মাহনি আটিত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজনৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত তিনিজন
Nagaon, Nagaon | Nov 17, 2025 কামপুৰ কঠীয়াতলী পথৰ মাহনি আটিত সংঘটিত হোৱা এক পথ দুৰ্ঘটনা সোমবাৰে পুৱা প্ৰায় ৯ মান বজাত এজনৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় তিনিগৰাকী ।এখন তীব্ৰবেগী অটোৰিক্সাৰ খুন্দাত মৃত্যু হয় এজনৰ। লগতে অটোৰিক্সা খনত থকা তিনিজন ব্যক্তি গুৰুতৰভাবে আহত হয়।নিহত লোকজনৰ নাম ভাৰত নাথ বুলি জানিব পৰা গৈছে। ঘৰৰ পৰা বাটলৈ ওলাই আহিছিল বৃদ্ধজন। আৰু সেই সময়তে দূৰ্ঘটনাটো সংঘটিত হয়। পৰবৰ্তী সময়ত ব্যক্তি গৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত ব্যক্তি জনৰ মৃত্যু হয়।