এটা হত্যাকাণ্ডক লৈ শুকুৰবাৰে উত্তপ্ত পৰিস্থিতি হাজোৰ একাদিত।স্বামী ইমৰান আলি আৰু পৰিয়ালৰ লোকে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক। হত্যাৰ বলি হোৱা বোৱাৰী গৰাকীৰ নাম আনোৱাৰা বেগম। হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ পিতৃ পৰিয়ালৰ। ইতিমধ্যে হত্যাকাৰী স্বামীক গ্ৰেপ্তাৰ কৰিছে হাজো আৰক্ষীয়ে