গুৱাহাটী: শান্তিপূৰ নামঘৰ প্ৰাংগনত বিজেপিৰ যোগদান কাৰ্যসূচী, ১৩০গৰাকী লোকৰ বিজেপিত যোগদান
লোকসভা নিৰ্বাচনৰ পূৰ্বে সমষ্টিয়ে সমষ্টিয়ে ব্যাপক তৎপৰতা বিজেপিৰ। দেওবাৰে গুৱাহাটীৰ শান্তিপূৰ নামঘৰ প্ৰাংগনত ভাৰতীয় জনতা পার্টিৰ ভৰলুমুখ মণ্ডলৰ উদ্যোগত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। শান্তিপুৰ অঞ্চলৰ ১৩০গৰাকী লোকে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত। সভাপতি ভৱেশ কলিতাৰ নিৰ্দেশ মৰ্মে অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী। ইফালে যোগদান কাৰ্যসূচীৰ পাছতে একেতা স্থানতে এক নিৰ্বাচনী সভাও অনুষ্ঠিত হৈ যায়।