নগাঁও: নগাঁৱৰ জুৰীয়াৰ কদমনি পথাৰ গাঁৱত নাৰীদেহ ব্যৱসায়ী চক্ৰ উৎখাত,নগাঁও জিলা উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছিল অভিযান
Nagaon, Nagaon | Nov 19, 2025 নগাঁৱৰ জুৰীয়াত নাৰীদেহ ব্যৱসায়ী চক্ৰ উৎখাত,নগাঁও জিলা উপ আৰক্ষী অধীক্ষক দ্বীপ সিনহাৰ নেতৃত্বত চলিছিল অভিযান।বুধবাৰে বিয়লি প্ৰায় দুই মান বজাত আৰক্ষীয়ে চলোৱা অভিযানত জুৰীয়াৰ কদমনি পথাৰ গাঁৱৰ ইনামুল হ'কৰ বাসগৃহত দুই মহিলা সহ মুঠ চাৰিজনক আটক কৰে।ইনামুল হ'কে নিজ বাসগৃহতে দীৰ্ঘদীন ধৰি চলাই গৈছিল অবৈধ নাৰী দেহ ব্যৱসায়।আৰক্ষীয়ে ইনামুল হ'কৰ ঘৰৰ পৰা ড্ৰাগছৰ কণ্টেনাৰৰ লগতে দুখন মটৰ চাইকেল উদ্ধাৰ কৰে।বৰ্তমান অধিক তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে নাৰী ব্যৱসায়ী