লাহৰীঘাট: কাঠনিত শুক্ৰবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড,অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিয়ন্ত্ৰণ
লাহৰীঘাটৰ কাঠনিত আজি এটি অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।লাহৰীঘাট থানাৰ অন্তৰ্গত কাঠনিত সংঘটিত অগ্নিকাণ্ডটো কেনেকৈ সংঘটিত হৈছে ইয়াৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।ইফালে ঘটনা খবৰ পাই কাঠনিত অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী ঘটনাস্থলীত উপস্থিত হয়। পিছত স্থানীয় লোকৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীৰ জোৱান সকলে সিমানতে জুঁই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।