লাহৰীঘাট: নগাঁও লোকসভা সমষ্টিৰ BJP আৰু AIUDF ৰ প্ৰাৰ্থীৰ সন্দৰ্ভত মৈৰাবাৰীত কঠোৰ সমালোচনা ৰাইজৰ দলৰ মুখপাত্ৰ মেহবুব মুক্তাৰ
নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ তুলনাত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ কোনো যোগ্যতা নাই।আনহাতে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৰাকীক পৰাজিত কৰিবলৈ বিজেপিৰ পৰা মুনাফাৰ লৈহে এ আই ইউ ডি এফৰ পৰা আমিনুল ইছলামে প্ৰাৰ্থিত্ব দিছে বুলি আজি মৈৰাবাৰীত ৰাইজৰ দলৰ মুখপাত্ৰ মেহবুব মুক্তাই সংবাদ মাধ্যমৰ আগত কঠোৰ সমালোচনা কৰে।