নগাঁও: ধিঙত অসমীয়াৰ বিৰুদ্ধে হুংকাৰ দিয়া মাতাব্বৰ দলটোৰ নেপথ্যত থকা বাবুল আলীৰ বিৰুদ্ধে তদন্ত আৰম্ভ,জিলা আয়ুক্তৰ মন্তব্য
Nagaon, Nagaon | Nov 17, 2025 ধিঙত খিলঞ্জীয়া অসমীয়াক কাটি নদীত পেলাই দিয়া হুংকাৰ প্ৰদান কৰা মিঞা মাতাব্বৰৰ দলটোৰ নেপথ্যত থকা কংগ্ৰেছৰ জিলা পৰিষদৰ সদস্য বাবুল আলীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে জিলা প্ৰশাসনে। সোমবাৰে বিয়লি প্ৰায় তিনি মান বজাত এই কথা সদৰী কৰে নগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মাই । উল্লেখ্য যে ধিং সমষ্টিৰ লহকৰ জিলা পৰিষদৰ কংগ্ৰেছ দলৰ সদস্য বাবুল আলীৰ উচতনিতে খিলঞ্জীয়াৰ ভূমি বেদখল কৰা মিঞা মাতাব্বৰে খিলঞ্জীয়া লোকক ভাবুকি প্রদান কৰাৰ অভিযোগ উত্থাপন কৰিছিল ভুক্তভোগীয়ে ।ধিঙৰ আঠগাঁৱৰ প্ৰা