নগাঁও: কংগ্ৰেছৰ মুখপাত্ৰই চামগুৰিত উচ্ছেদ চলাবলৈ সাহস নাই বুলি কোৱাত উচ্ছেদৰ জাননী প্ৰদান কৰিছে বুলি কয় আব্দুল আজিজে
Nagaon, Nagaon | Nov 21, 2025 কংগ্ৰেছৰ মুখপাত্ৰ ৰাতুল কলিতাই ৰকিবুল হুছেইনৰ সন্মুখত চামগুৰিত উচ্ছেদ চলাবলৈ সাহস নাই মুখ্যমন্ত্ৰীৰ বুলি প্ৰত্যাহ্বান জনাইছিল। সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিয়েই মুখ্যমন্ত্ৰীয়ে উচ্ছেদৰ জাননী সোনকালেই প্ৰেৰণ কৰিছে বুলি শুক্ৰবাৰে বিয়লি প্ৰায় এক মান বজাত সংবাদ মাধ্যমৰ জৰিয়তে দাবী কৰে ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজে।নগাওঁ জিলাৰ চামগুৰি ৰাজহচক্ৰৰ খাটোৱাল মৌজাৰ ভকতগাঁও চলিব লগা উচ্ছেদৰ বাবে দায়ী সাংসদ ৰকিবুল হুছেইন আৰু ৰাতুল কলিতা বুলি মন্তব্য আগবঢ়ায় আব্দুল আজিজে