শুকুৰবাৰে কালাইৰদিয়া গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা। দুটা ফৈদৰ মাজত সংঘটিত মাৰপিটত মহিলাসহ সাতজন লোক আহত হৈছে। মাৰপিটত ছোৰহাব আলী, জসমত আলী, আছুৰুদ্দিন, কায়ুম উদ্দিন, কালাজান নেছো, আজিদা খাতুন আৰু জহুৰা খাতুন আহত হয় । আহত সকলক আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায়।