লাহৰীঘাট: বুধবাৰে সন্ধিয়া জৰিবৰত অনুষ্ঠিত বিজেপিৰ বিশাল যোগদান সভাত কেইবা শতাধিক কংগ্ৰেছ কৰ্মী গেৰুৱা দলটোত আনুষ্ঠানিক যোগদান
আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে লাহৰীঘাটৰ বিভিন্ন অঞ্চলত চলিছে কংগ্ৰেছ দলৰ গৰাখহনীয়া।আজি সন্ধিয়া লাহৰীঘাটৰ তথা মৰিগাঁও সমষ্টিত নতুনকৈ অন্তভুক্ত হোৱা জৰিবৰ পঞ্চায়তত বিজেপিৰ এখন যোগদান সভা অনুষ্ঠিত হয়।মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু নগাঁও লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰা উপস্থিত থকা যোগদান সভাখনত অঞ্চলটোৰ কেইবা শতাধিক পুৰুষ মহিলাই কংগ্ৰেছ দল ত্যাগ কৰি আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে।