সোণাৰি: সোণাৰিৰ ডুৰিবাম চাহ বাগিচাত মৃতদেহ উদ্ধাৰ,ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
সোণাৰিৰ কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ডুৰিবাম চাহ বাগিচাত মৃতদেহ উদ্ধাৰ।ডুৰিবাম চাহ বাগিচাৰ ১২ নং লাইনত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মৃতদেহটো।মৃতদেহটো ১২ নং লাইনৰ নিবাসী অমল খোদালৰ বুজি জানিব পৰা গৈছে।কোনো লোকে অমলক বাগিচাৰ মাজত হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ।ঘটনাস্থলীত কাকতিবাৰী আৰক্ষী আৰু চৰাইদেউ জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছে তদন্তৰ।