সোণাৰি: কলাকটাত চৰাইদেউ জিলা চাওঁতাল মহিলা সমিতিৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদ্ যাপন
কলাকটাত চৰাইদেউ জিলা চাওঁতাল মহিলা সমিতিৰ উদ্যোগত শনিবাৰে ১-৩০বজাত আন্তৰ্জাতিক নাৰী দিৱস উদ্ যাপন কৰা হয়। চাওঁতাল মহিলা সমিতিৰ চৰাইদেউ জিলাৰ সভানেত্ৰী মায়াৰাণি হাচঁদাৰ পৌৰোহিত্বত অনুষ্ঠিত সভাত চাওঁতাল মহিলা সমিতিৰ সম্পাদিকা মালতী হাচঁদা, এছু চৰাইদেউ জিলাৰ সাংগঠনিক সম্পাদক ৰাজু মাৰ্ডী,মাঝি মণ্ডল কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক দেৱনাথ টুডুৰ প্ৰমুখ্যে কেইবাজনো লোকে অংশগ্ৰহণ কৰি সাম্প্ৰতিক সময়ত নাৰীৰ বিভিন্ন সমস্যা সমূহৰ ওপৰত আলোকপাত কৰে।