বাক্সা জিলাৰ মথনগুৰীৰ মাছুৱা গাঁওত আজি এখন বিজেপিৰ যোগদান সভা অনুষ্ঠিত হয়। বিধায়ক ফণীধৰ তালুকদাৰৰ উপস্থিতিত অঞ্চলটোৰ কেবাগৰাকীও লোকে বিজেপি দলৰ আদৰ্শ মানি বিজেপি দলত যোগদান কৰে। বিধায়ক ফণীধৰ তালুকদাৰৰ লগত আজি বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসকে আদি কৰি কেবাগৰাকী দলীয় নেতা কৰ্মীয়ে উপস্থিত থকা পৰিলক্ষিত হয়।