সোৱণশিৰি ভাগ: ঘিলামৰাত বিজেপিৰ মিত্ৰজোটৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা ,অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধায়ক নৱকুমাৰ দলেৰ
যিমানেই পঞ্চায়ত নিৰ্বাচন চমু চাপি আহিছে সিমানেই প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে শাসক বিৰোধী ৰাজনৈতিক দলসমূহ।সমান্তৰালভাৱে বুধবাৰে বিজেপিৰ মিত্ৰজোটৰ প্ৰাৰ্থী সকলৰ হৈ প্ৰচাৰ অভিযান চলায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।ঘিলামৰাৰ বাটমাৰি ৰাজহুৱা ভৱনত ভাৰতীয় জনতা পাৰ্টী,অসম গণ পৰিষদ, সন্মিলিত গণশক্তি অসম ঢকুৱাখনা জিলাৰ উদ্যোগত অনুষ্ঠিত এখনি বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।