গুৱাহাটী: জুৰোডস্থিত অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ নিৰ্বাচনী প্ৰচাৰ সভা
বৃহস্পতিবাৰে সন্ধিয়া ৬.৩০ বজাত গুৱাহাটী লোকসভা সমষ্টি প্ৰাৰ্থী মীৰা বৰঠাকুৰে জুৰোডস্থিত অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে ৷ নিৰ্বাচনৰ সময় জাতীয় পৰিষদৰ সকলো কৰ্মকৰ্তাই যাতে মীৰা বৰঠাকুৰক সহায় কৰে তাৰো আহ্বান জনালে মীৰা বৰঠাকুৰে ৷ এই বিশেষ সভাতে মীৰা বৰঠাকুৰক গুৱাহাটী প্ৰতিটো ৱাৰ্ডৰ জাতীয় পৰিষদৰ সদস্য সম্বৰ্ধনা জনাই ৷