গুৱাহাটী: মালিগাঁৱত চুৰি কৰিব আহি ৰাইজৰ ৰোষত পৰিল এটা গভাইত চোৰ, চোৰক উত্তম-মধ্যম শোধাই গতালে আৰক্ষীক
গুৱাহাটীৰ মালিগাঁৱত চুৰি কৰিব আহি ৰাইজৰ ৰোষত পৰিল এটা গভাইত চোৰ। অৰূপ বনিক নামৰ এজন লোকৰ ঘৰত চোৰে চলাইছিল লুটপাট। পিতলৰ মূল্যৱান সামগ্ৰী লৈ পলাব লওঁতেই কৰায়ত্ব কৰিলে ৰাইজে। স্থানীয় লোকে ধৰি বান্ধি উত্তম-মাধ্যম শোধাই গতাই দিয়ে জালুকবাৰী আৰক্ষী থানাত। ধৃত চোৰটোৰ নাম ৰানা দাস বুলি জানিব পৰা গৈছে। উল্লেখ্য যে পাণ্ডু-মালিগাঁৱত শেহতীয়াকৈ বৃদ্ধি পাইছে চুৰিৰ ঘটনা। আৰক্ষীক নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান স্থানীয় ৰাইজৰ।