সোণাৰি: চাংমাইত এজাক বনৰীয়া বান্দৰ উপদ্ৰপ,খেতিয়ক ৰাইজে জীয়াতু ভুগি বন বিভাগক ব্যৱস্থাৰ বাবে ৰাইজৰ দাবী#jansamasya
চৰাইদেউ জিলাৰ বৰহাট আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত চাংমাই, গাওঁত বৃহস্পতিবাৰে চাৰি বজাত এজাক বনৰীয়া বন্দৰৰে খেতিয়কৰ ভেন্দি,অমিতা, কল,,নাড়িকল বেঙেনা , ফল মুল খাই তহিলং কৰাৰ লগতে ভাঙি চিঙি নষ্ট কৰি পেলাইছে।ৰাইজে বান্দৰ জাকক খেদিলেও ভয় নকৰি শাক পাচলিৰ বাৰীলৈ আহি এফালৰ পৰা খাই,নষ্ট কৰি যোৱাৰ পৰিলক্ষিত হৈছে।আনহাতে বান্দৰ জাকৰ ভয়ত ঘৰ এৰি যাব নোৱাৰা অৱস্থা হৈছে।ঘৰত মানুহ নথকাৰ অৱস্থাত ঘৰত হোমাই ভাত ,খাই সামগ্ৰী সমূহ দলিয়াই পেলাই থৈ যায়।