সোণাৰি: সোণাৰিত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ মুজিবুৰ আলিক গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সম্বৰ্ধনা
সোণাৰিত সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ,চৰাইদেউ জিলা সমিতিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ মজিবুৰ আলিক শনিবাৰে তিনি বজাত সম্বৰ্ধনা জনায়।উল্লেখ্য যে চৰাইদেউ জিলাৰ সোণাৰি টিয়ক ৰজাবাৰীৰ নিবাসী মুজিব আলিয়ে চৰাইদেউ জিলা ক্ৰীড়া সংস্থাৰ তত্বাৱধানত কেইবাবাৰো অসম ক্ৰিকেট সন্থাৰ হৈ খেল প্ৰদৰ্শন কৰা মুজিবুৰ আলিয়ে ওমানৰ হৈ খেলিবলৈ সুবিধা লাভ কৰিছে । বৰ্তমান আন্তঃৰাষ্ট্ৰীয় কেইবাখনো খেলত অংশগ্ৰহণ কৰা যুৱ খ গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ চৰাইদেউ জিলা সমিতিয়ে সম্বৰ্ধনা জনায়।