শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা উপলক্ষে শনিবাৰে বিয়লি ৫ বাজি ৩০ মিনিটত কেহেৰুখন্দাত ভক্ত সকলে উলিয়ালে বিশাল ৰথ শোভাযাত্ৰা ৷ উল্লেখ্য যে অপশক্তিৰ বিনাশ কৰি বিশ্বশান্তিৰ কামনাৰে শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা উপলক্ষে আজি ভক্ত সকলে শোণিতপুৰ জিলাৰ অন্তৰ্গত কেহেৰুখন্দাত উলিয়ালে ৰথ শোভাযাত্ৰা ৷ আজিৰ উক্ত ৰথ শোভাযাত্ৰাত হেজাৰ হেজাৰ ভক্তৰ সমাগম ঘটিছে ৷