সোণাৰি: সোণাৰি বৰাহি চাৰিআলিত পথ দূৰ্ঘটনা স্কুলীয়া ছাত্ৰী গুৰুত্ব ভাবে আহত
চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ বৰাহী চাৰিআলিত সোমবাৰে ১২বজাত এক পথ দূৰ্ঘটনাত এগৰাকী স্কুলীয়া ছাত্ৰী আহত হয় । জানিব পৰা মতে সোণাৰি পদ্ম কুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী অনামিকা বাউৰী বিদ্যালয়ৰ পৰা পৰীক্ষা দি ঘৰলৈ গৈ থকা সময়ত বৰাহী চাৰিআলিত পথ অতিক্ৰম কৰিবলৈ লোৱা সময়তে এখন তীব্ৰ বেগী বাইকে খুন্দা মাৰে। ছাত্ৰী গৰাকী গুৰুত্বৰ ভাবে আঘাত প্ৰাপ্ত অৱস্থাত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয়।