ঢকুৱাখানা ভাগ: ঢকুৱাখনাৰ হাৰ্হি দেৱালয়ত ৩০৩ বছৰীয়া পুৰণি পৰম্পৰাৰে মহা অষ্টমীৰ দূৰ্গা দেৱীৰ পূজা আৰাধনা
আজি হৈছে মহা অষ্টমী । এই মহা অষ্টমী দিনা সমগ্র ৰাজ্যজুৰি মণ্ডপ,শক্তিপীঠ থান সমূহত পৰম্পৰা ৰীতি -নীতিৰে দেৱী মা দুৰ্গা চৰণত চাকি বন্তি , ধূপ-ধুনা জ্বলাই হাঁহ ,পাৰ , ছাগলী ম'হ কোমোৰা , কুঁহিয়া জৰা উচৰ্গা দি সকলো যাতে কুশলে থাকে দেৱী মা দুৰ্গা চৰণত ধৰি সালোৱে আশীষ বিচাৰিছে।আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্ব কালতে ১৭২২ খ্ৰীষ্টাব্দত প্ৰতিস্থিত ঢকুৱাখনাৰ শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ৰ দূৰ্গা পূজাই এইবাৰ ভৰি দিলে ৩০৩ বছৰতৰ ।