মঙলবাৰে ৰঙিয়াত ৰঙিয়া সম-জিলা প্ৰশাসনৰ নেতৃত্বত আগন্তুক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বাইক ৰেলীৰ আয়োজন। আগন্তুক ৭৯ তম স্বাধীনতা দিৱস উপলক্ষে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ লগত সংগতি ৰাখি এই বাইক ৰেলী উলিওৱা হয়। ৰঙিয়া সম-জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ওলোৱা এই বাইক ৰেলীটো ৰঙিয়া চহৰ পৰিভ্ৰমণ কৰি বাৰ্মিজ ফিল্ডত সমাপ্ত হয়।