গোলাঘাট: মেৰাপানীত জব্দ বুজন পৰিমাণৰ বিদেশী চিগাৰেট, চিআৰপিএফে জব্দ কৰে ১৬০ কাৰ্টুন বিদেশী চিগাৰেট, আটক চালকক
মেৰাপানীত শনিবাৰে দিনৰ প্ৰায় ১০ মান বজাত জব্দ কৰে বুজন পৰিমাণৰ বিদেশী চিগাৰেট। চিআৰপিএফে জব্দ কৰে ১৬০ কাৰ্টুন বিদেশী চিগাৰেট। আটক কৰে চালকক। নাগালেণ্ডৰ পৰা গোপনে গোলাঘাটলৈ সৰবৰাহ কৰিছিল চিগাৰেটখিনি। চিআৰপিএফে আৰক্ষীক খবৰ দিয়াত মেৰাপানী আৰক্ষী উপস্থিত হৈ এখন ট্ৰাকৰ সৈতে চালকজনক আটক কৰিছে। চিগাৰেট পৰিবাহী ট্ৰাকখনৰ নম্বৰ AS01 BC 7088। চীন, ইণ্ডোনেচীয়া আৰু কোৰিয়াৰ আছিল চিগাৰেটখিনি।