চেঙা সমষ্টিৰ অন্তৰ্গত কাছুমাৰা গাঁও পঞ্চায়তৰ এআইইউডিএফৰ আঞ্চলিক সমিতি আৰু আঞ্চলিক যুৱ মৰ্চাৰ সমিতিৰ এক কাৰ্যকৰী সভা অনুষ্ঠিত হয় ৷ সভাখনত চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনে অংশ গ্ৰহণ কৰে ৷ সভাখনত মুলত ২৬ চনৰ বিধান সভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰা হয় ৷