জিলা খনৰ ৰৌতা পৰিষদীয় সমষ্টিৰ কৌপাতী ভিচিডিচিৰ অন্তৰ্গত ঝাকুৱাপাৰাত এটি পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। উক্ত পথটো আনুষ্ঠানিক ভাৱে আধাৰশিলা স্থাপন কৰি উপস্থিত ৰাইজৰ সতে মত বিনিময় কৰে বিটিআৰৰ ইএম নিলোৎ স্বৰ্গীয়াৰিয়ে। আনহাতে উক্ত আধাৰশিলা স্থাপন কাৰ্যসূচীত ইএম গৰাকীৰ সতে ভিচিডিচিৰ অধ্যক্ষ, আমন্ত্ৰিত বিশিষ্ট ব্যক্তি, দলীয় কৰ্মকৰ্তা আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।