This browser does not support the video element.
হোজাই: আইজল দেশৰ ৰাজধানীৰ সৈতে সংযুক্ত হোৱাকলৈ হোজাই ৰেল ষ্টেচনত ৰাজধানী এক্সপ্ৰেছ ৰেলৰ চালকক সম্ভাষণ জনোৱা হয়
Hojai, Hojai | Sep 13, 2025
আজি প্ৰধানমন্ত্ৰীয়ে ছাইৰাঙ-ভৈৰৱী নতুন ৰেলৱে পথ উদ্বোধন কৰে। ফলত আজিৰে পৰা আইজল দেশৰ ৰাজধানীৰ সৈতে পোনপটীয়াকৈ ৰে’লযোগে সংযুক্ত হৈ পৰিছে।এই উপলক্ষে মিজোৰাম ৰাজ্যৰ ছাইৰাঙৰ পৰা শনিবাৰে নিশা প্ৰায় ৮ বাজি ১০ মিনিটত আহি পোৱা ৰাজধানী এক্সপ্ৰেছ ৰেলখনক আজি হোজাই ৰেল ষ্টেচনত আদৰণি জনোৱাৰ লগতে ৰেল খনৰ চালক সকলক ফুলৰ থোপা আৰু গামোচাৰে সম্ভাষণ জনোৱা হয়।এই লৈ আজি হোজাই ৰেল ষ্টেচনটো পৰিপাটিক সজোৱা হয় । ৰেল ষ্টেচনটোত বিয়লি সাধাৰণ জনতা আৰু বিভাগীয় বিষয়াৰ ভিৰ পৰিলক্ষিত হয় । হোজাই