This browser does not support the video element.
মৰিগাঁও: মৰিগাঁও জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত অনুষ্ঠিত ৪দিনীয়া তিৱা ভাষা প্ৰশিক্ষণ শিৱিৰ উদ্বোধন কৰে মন্ত্ৰী ৰনোজ পেগুৱে
Marigaon, Morigaon | Sep 8, 2025
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ শিক্ষা বিভাগে নতুন শিক্ষা নীতিৰ অধীনত তিৱা বসতি প্ৰধান অঞ্চলৰ ৬২ খন নিম্ন প্ৰাথমিক বিদ্যালয়ত তিৱা ভাষাত পাঠদান আৰম্ভ কৰিছে। বুনিয়াদী স্তৰৰ শিক্ষাৰ্থীসকলক মাতৃভাষাত গুণগত মানৰ শিক্ষা প্ৰদান কৰিবলৈ লক্ষ্য ৰাখি ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT) ৰ উদ্যোগত আজিৰে পৰা মৰিগাঁও জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত চাৰিদিনীয়া তিৱা ভাষা প্ৰশিক্ষণ শিৱিৰ আৰম্ভ হয়। শিক্ষা আৰু জনজাতি পৰিক্ৰমা বিভাগৰ ৰণোজ প