This browser does not support the video element.
নগাঁও: কচুৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
অভিযানত উজানমাৰীৰ আব্দুল খালেক নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক
Nagaon, Nagaon | Sep 2, 2025
গেৰজাইপাম গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত অ 'চি মৃদুল বৰাৰ নেতৃত্বত চলিছিল এক গোপন অভিযান। অভিযানত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো কচুৱাৰ উজানমাৰীৰ আব্দুল খালেক বুলি জানিব পৰা গৈছে ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা হেৰ'ইন ভৰ্তি ১৫ টা কন্টেইনাৰ উদ্ধাৰ কৰে কচুৱা আৰক্ষীয়ে। অধিক তথ্যৰ বাবে ধৃত আব্দুল খালেকক জেৰা অব্যাহত ৰাখিছে কচুৱা আৰক্ষীয়ে ।