This browser does not support the video element.
বাঘবৰ: চিকনি জিপিত বাল্য বিবাহৰ প্ৰভাৱৰ সন্দৰ্ভত সজাগতা সভা, অতিৰিক্ত আয়ুক্ত মৌচুমী চেতিয়াৰ অংশ গ্ৰহণ
Baghbor, Barpeta | Aug 22, 2025
বেটি বচাও বেটি পঢ়াও অভিযানৰ অধীনত বাল্য বিবাহ মুক্ত গ্ৰাম পঞ্চায়ত হিচাপে ঘোষণা কৰাৰ লক্ষ্যৰে শুক্ৰবাৰে ৰূপসী ব্লকৰ অন্তৰ্গত চিকনি জিপিত বাল্য বিবাহৰ প্ৰভাৱৰ সন্দৰ্ভত এক সজাগতা সভা অনুষ্ঠিত হয়। বৰপেটাৰ অতিৰিক্ত আয়ুক্ত মৌচুমী চেতিয়া, বৰপেটাৰ উপ আৰক্ষী অধীক্ষক প্ৰণামী ভৰদ্বাজ, স্বাস্থ্য বিভাগৰ বিষয়া, শিশু কল্যাণ সমিতিৰ প্ৰতিনিধিয়ে ব্যক্তি আৰু সমাজৰ ওপৰত বাল্যবিবাহৰ ক্ষতিকাৰক পৰিণতিৰ ওপৰত আলোকপাত কৰে ৷ কাৰ্যসূচীৰ উদ্দেশ্য দাঙি ধৰে বৰপেটাৰ জিলা মিছন সমন্বয়কে ৷