This browser does not support the video element.
ছিপাঝাৰ: দৰঙৰ গণেশকুঁৱৰী অঞ্চলত আফ্ৰিকান ছোৱাইন ফেভাৰৰ ভয়াবহ সংক্ৰমণ। চৰকাৰী ব্যৱস্থাৰে নিধন কৰা হৈছে ৪৬ টা গাহৰি
Sipajhar, Darrang | Sep 11, 2025
ছিপাঝাৰৰ গনেশকুঁৱৰী অঞ্চলত গাহৰি পালকৰ ফাৰ্মত সৰু ডাঙৰ ৪৬ তা গাহৰি নিধন কৰা হয়। দৰং জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত আৰু ছিপাঝাৰ সম জিলা প্ৰশাসনৰ সহযোগত ডা: প্ৰণৱ ডেকাৰ নেতৃত্বত যোৱা এটি দলে অংশ লয় গাহৰি নিধন প্ৰক্ৰিয়াত। এই ৰোগত আক্ৰান্ত গাহৰিৰ পৰা অন্য গাহৰিলৈ ক্ষিপ্ৰ গতিত সংক্ৰমিত হয় ৰোগবিধ। গাঁওখনৰ নকুল দাস নামৰ ব্যক্তিগৰাকীৰ ফাৰ্মখনত কেইবাটাও গাহৰি বিগত কেইদিনমানৰ পৰা অস্বাভাৱিকভাৱে মৃত্যুমুখত পৰিছে ।