This browser does not support the video element.
বৰপেটা: কেন্দ্ৰীয় চৰকাৰৰ দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি বাহাল ৰখাৰ দাবীত আয়ুক্তৰ কাৰ্যালয়ৰ জৰিয়তে মুখ্যমন্ত্রীলৈ স্মাৰকপত্ৰ
Barpeta, Barpeta | Sep 9, 2025
মুখ্যমন্ত্রীলৈ বৰপেটা জিলা বিকলাংগ সন্থাৰ স্মাৰকপত্ৰ । বিকলাংগ সকলৰ কল্যাণৰ হকে কেন্দ্ৰীয় চৰকাৰে গ্ৰহন কৰা "দীনদয়াল দিব্যাংগ" পেঞ্চন আঁচনি অসমতো বাহাল ৰখাৰ দাবী বিকলাংগ সন্থাৰ। ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰেই দিব্যাংগ সকলে ভোগ কৰি অহা কেন্দ্ৰীয় চৰকাৰৰ "দীন দয়াল দিব্যাংগ" পেঞ্চন আঁচনিখন অসমত বন্ধ কৰি অৰুণোদয় আঁচনিৰ সৈতে সংলগ্ন কৰিছে ৰাজ্য চৰকাৰে । ফলত উক্ত আঁচনিৰ পৰা অসমৰ বহু দিব্যাংগ লোক প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে দিব্যাংগ সকলে ।